newsnextone.com | তামুলপুৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হৈ আছে হাতী-মানুহৰ সংঘাত৷ বনাঞ্চলৰ পৰা জনাঞ্চললৈ খাদ্যৰ সন্ধানত ওলাই অহা জাক জাক হাতীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আক্ৰমণ চলাই খেতিবাৰী তহিলং কৰাৰ লগতে মানুহ আদিও হত্যা কৰাৰ বাতৰি প্ৰতিদিনেই প্ৰচাৰ হৈ আহিছে৷
কিন্তু হাতী-মানুহৰ সংঘাত চৰম পৰ্যায় পোৱাৰ পিছতো ৰাজ্যৰ বন বিভাগে চকু মুদা কুলিৰ ভাওহে ধৰি থকা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে৷ বন মাজৰ পৰা মানুহৰ মাজলৈ ওলাই আহি সন্ত্ৰাসৰ সৃষ্টি কৰা হতীৰ জাকক দূৰলৈ খেদি পঠোৱাত বন বিভাগৰ অক্ষমতাই বিভিন্ন সময়ত সাধাৰণ মানুহক সংকটৰ গৰাহলৈ থেলি দিয়া বুলি ৰাইজে অভিযোগ কৰি আহিছে৷