newsnextone.com | ৰঙিয়াঃ ক্ৰমাৎ অপৰাধৰ ঘাটিলৈ পৰিনত হৈছে ৰাজ্যৰ অন্যতম বানিজ্য চহৰ ৰঙিয়া৷ মানৱ সৰবৰাহৰ পৰা, চোৰ, ডকাইটি, অসৎ ব্যৱসায়লৈ বহু ঘটনাই সংঘটিত হৈ থাকে ৰঙিয়াত৷ যাৰ ফলত ৰঙিয়া প্ৰশাসন এতিয়া অনৱৰতে সষ্টম হৈ থাকিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷
বিশেষকৈ ৰঙিয়া জংচনত সংঘটিত হয় অপৰাধ, কূটাঘাত৷ উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম ৰে’ল জংচন ৰঙিয়াই ৰাজ্যৰ উজনি নামনিৰ লগতে বহিঃৰাজ্যৰ লগতো ৰাজ্যখনক সংযুক্ত কৰিছে৷ যাৰ ফলত অবৈধ ব্যৱসায়, মাদক দ্ৰব্যৰ পৰা নাৰী সৰবৰাহলৈকে বিভিন্ন অপৰাধমূলক কাৰ্য এই ৰঙিয়া জংচনতে সম্পন্ন হয়৷