newsnextone.com | মৰিয়নীঃ যোৱা ৩০ ঘণ্টাৰ ভিতৰত উজনি অসমত দুখনকৈ যাত্ৰীবাহী ৰেলৰ টয়লেটত দুগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ এনে ঘটনা সংঘটিত হোৱাত অসমৰ মহিলাৰ সুৰক্ষাক লৈ বৃহৎ প্ৰশ্ন উত্থাপন হৈছে৷ অসমক এতিয়া নাৰীয়ে ঘৰৰ পৰা ওলালেই জীৱনৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ নাৰী যেন এতিয়া কতো সুৰক্ষিত নহয়৷ যোৱা কেইবাটাও দিনৰ ঘটনাৰ লগতে যোৱা ৩০ ঘণ্টাত সংঘটিত ঘটনাই অধিক চিন্তিত কৰি তুলিছে অসমীয়া পৰিয়ালক৷
নিজ কন্যা, পত্নী, ভগ্নীয়ে ঘৰৰ পৰা ওলাই আহিলে প্ৰতিগৰাকী অসমীয়াৰ বুকু কঁপি উঠে৷ পুনৰ দুগৰাকী অবলা নাৰীয়ে নিজৰ জন্মভূমিত ৰেলত উঠি যাত্ৰা কৰিব ধৰোতেই ৰহস্যজনক ভাৱে মৃত্যুক আকোৱালি লোৱাত নাৰীক নিৰাপত্তা দিয়াত চৰকাৰ বিফল হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ লগতে পুনৰ চিন্তিত হৈছে ৰাজ্যৰ নাগৰিক৷