কোকৰাঝাৰঃ পৃথক বড়োলেণ্ডকে ধৰি অান কেবাটাও দাবীৰ সমৰ্থনত অান্দোলন অব্যাহত ৰখা এবছু , এন ডি এফ বি(প্ৰগতিশীল) অাৰু পিজেএচিবিএমৰ সৈতে প্ৰতিশ্ৰুতি অনুসৰি বিহুৰ পূৰ্বে চৰকাৰে ৰাজনৈতিক অালোচনা অাৰম্ভ নকৰাত অাজি উল্লেখিত সংগঠন তিনিটাই যৌথভাৱে ৰাজ্যৰ ১৫ স্থানত মুণ্ডনেৰে ভাৰত চৰকাৰৰ বিৰুদ্ধে প্ৰতাৰণা দিৱস পালন কৰে।
ৰাজ্যৰ ১৪ টা স্থানৰ সমান্তৰালভাৱে কোকৰাঝাৰ সদৰ চহৰতো অনুষ্ঠিত হোৱা প্ৰতাৰণা দিৱসত অংশ লৈ এবছুৰ সভাপতি প্ৰমোদ বড়ো অাৰু এনডিএফবি(প্ৰ)ৰ সভাপতি ধীৰেন বড়োই চৰকাৰৰ বঞ্চনা, অৱহেলাক তীব্ৰ ভাষাৰে কৰ্কথনা কৰি চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পালন নকৰা বাবেই অাজি ৰাজ্যজুৰি মুণ্ডনেৰে প্ৰতাৰণা দিৱস পালন কৰাৰ কথা সদৰি কৰিছে।