newsnextone.com নগাঁওঃ বিশিষ্ট পণ্ডিত নাৰায়ণ চন্দ্ৰ শৰ্মাৰ বৃহস্পতিবাৰে পৰলোকপ্ৰাপ্তি ঘটে। নগাঁও জিলাৰ বেবেজীয়া কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ তথা বেবেজীয়া নিবাসী নাৰায়ণ চন্দ্ৰ শৰ্মাৰ নিজ ঘৰতে মৃত্যুক আকোৱালি লয়৷
মৃত্যৰ সময়ত তেওঁৰ বয়স হৈছিল ৯২ বছৰ৷ বৃহত্তৰ বেবেজীয়া অঞ্চলত শিক্ষাৰ পোহৰ বিলোৱা লোকসকলৰ অন্যতম, আজীৱন শিক্ষাব্ৰতী নাৰায়ণ চন্দ্ৰ শৰ্মাৰ বিয়োগৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে।