ডিজিটেল ডেস্কঃ বিতৰ্কৰে এইবাৰৰ ৰঙালী বিহুৰ অনুষ্ঠানৰ পাতনি মেলিলে জুবিন গাৰ্গে। হিন্দী গীত গোৱাক লৈ নুনমাটি বিহু সন্মিলনীত সূত্ৰপাত হয় এই বিতৰ্কৰ। Krrish ছবিখনৰ এটি জনপ্ৰিয় গীত গোৱাৰ পিছতে আয়োজকসকলে জুবিনক হিন্দী গীত পৰিৱেশন নকৰিবলৈ আহ্বান জনায়।
আয়োজকৰ উক্ত আহ্বানৰ পিছতে মঞ্চতে দুয়োপক্ষৰ মাজত বাকযুদ্ধ লাগে। আয়োজকে জুবিনক স্পষ্ট কৰি দিয়ে যে চুক্তি পত্ৰত কেৱল অসমীয়া গীত গাব পাৰিব বুলিহে উল্লেখ কৰা আছিল। প্ৰত্যুত্তৰত শিল্পীগৰাকীয়ে কয় তেওঁৰ যি মন যায় সেই গানহে গাব। গান গোৱাত হস্তক্ষেপ কৰিলে অনুষ্ঠান পৰিৱেশন কৰাৰ কোনো অৰ্থই নাই বুলিও মন্তব্য কৰে জুবিনে। ‘নিজৰ মতে গান গাবলৈ নিদিলে অনুষ্ঠানলৈ মাতিবই নালাগে।’-জুবিনৰ স্পষ্ট কথা।