newsnextone.com | কাজিৰঙাঃ গোলাঘাট জিলাৰ কাজিৰঙাৰ সমীপৰ লতাবাৰীত এটি কণমানি সন্তান সহ পিতৃক মাৰধৰ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ লতাবাৰীৰ কাজিৰঙা ধাবা তথা লম্বো ধাবাত এজন গ্ৰাহকক মাৰধৰ কৰাৰ ফলত চিকিৎসাধীন হ’ব লগীয়া হয়৷ ধাবাখনৰ গৰাকী লম্বো আৰু কেইবাগৰাকী লোকে বৰ্বৰ ভাৱে আক্ৰমণ কৰে লোকজনক।
জানিব পৰা মতে, এই ঘটনা সংঘটিত হৈছিল দুদিন পূৰ্বে৷ ধাবাখনত ধাৰ পৰিশোধ কৰিবলৈ অহা গ্ৰাহকজনক কেইবাগৰাকী লোকে মাৰধৰ কৰাৰ লগতে কণমানি সন্তানকো মাৰধৰ কৰিছিল বুলি অভিযোগ উত্থাপন হয়। ঘটনা সন্দৰ্ভত আৰক্ষীক এজাহাৰ দাখিল কৰাৰ পিছতোঁ আৰক্ষীয়ে এই পৰ্যন্ত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত শনিবাৰে ধাবাখনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে গোর্খা ছাত্র সন্থাই। ধাবাৰগৰাকীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বোকাখাত গোর্খা ছাত্র সন্থাকে ধৰি বিভিন্ন দল-সংগঠন৷