newsnextone.com | নগাঁওঃ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদক আজুৰি আনি অসম-ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা নগাঁও জিলাৰ ধিঙৰ কান্ধুলীমাৰীৰ হিমা দাসৰ বাসগৃহত অগণন শুভাকাংক্ষীৰে ভৰি পৰিছে প্ৰতিটো দিন৷ কান্ধুলীমাৰীৰ চৌপাশে আনন্দৰ ঢল বোৱাৰ লগতে উৎসাহী গাঁওবাসীয়ে নাচি-বাগি, ফটকা ফুটাই আনন্দ-স্ফুৰ্তি কৰি আত্মহাৰা হৈ পৰিছে৷
এনে পৰিবেশ বিৰাজমান হৈ থকা আন্তঃৰাষ্ট্ৰীয় দৌৰবিদ হিমাৰ বাসগৃহ তথা জন্মভূমি কান্ধুলীমাৰীত সাধাৰণ জনতা, শুভাকাংক্ষীৰ পৰা ৰাজনৈতিক নেতা-পালিনেতা, বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মীৰ সোঁত বৈছে৷