newsnextone.com | ৰঙিয়াঃ কট্টৰ হিন্দুত্ববাদী, প্ৰাক্তন বিশ্ব হিন্দু পৰিষদৰ নেতা প্ৰবীণ টোগাড়ীয়াই কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তেওঁক সংঘৰ্ষত হত্যা কৰিব পাৰে বুলি বাৰে বাৰে অভিযোগ উত্থাপন কৰি আহিছে৷ যোৱা ১৪ জানুৱাৰীত গুজৰাটৰ নিজৰ আবাসৰ পৰা নিৰুদ্দেশ হৈছিল প্ৰবীণ টোগাড়ীয়া৷ প্ৰায় ১২ ঘণ্টাৰ মূৰকত প্ৰবীণ টোগাড়ীয়াক আহমেদাবাদত অচেতন অৱস্থাত উদ্ধাৰ হৈছিল৷
তাৰ পিছতে প্ৰবীণ টোগাড়ীয়াক পুনৰ হত্যা কৰিব খোজাৰ অভিযোগ উত্থাপন হৈছিল৷ মাৰ্চ মাহত গুজৰাটৰ চুৰাটত এখন ট্ৰাকে খুন্দিয়াই হত্যা কৰিব খোজাৰ অভিযোগ উত্থাপন হৈছিল৷ টোগাড়ীয়াই বুলেটপ্ৰুফ গাড়ীত গৈ থকা অৱস্থাত এখন ট্ৰাকে পিছফালৰ পৰা খুন্দিয়াইছিল নেতাগৰাকীক৷ তাৰ পিছতে বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ নেতাজনৰ বজৰং দল, আৰএছএছ, বিজেপিৰ সৈতে মনোমালিন্য আৰম্ভ হৈছিল৷ যোৱা কেইবা মাহ ধৰি চিধা-চিধিকৈ নহ’লেও প্ৰবীণ টোগাড়ীয়াই বিজেপি চৰকাৰ একাংশ বিজেপি নেতা আৰু আৰএছএছ নেতাক আক্ৰমণ কৰি আহিছে৷ ফলত বিশ্ব হিন্দু পৰিষদত এলাগী নেতা হৈ পৰে৷