newsnextone.com | কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ছালাকাটি উপ-আৰক্ষী চকীৰ অন্তৰ্গত শিলকাটাৰীত সেনা-আৰক্ষীয়ে অভিযান চলাই দুজনকৈ কেএলঅৰ সদস্যক অস্ত্ৰসহ আটক কৰিবলৈ সক্ষম হৈছে৷ নিৰাপত্তাৰক্ষীৰ হাতত আটকাধীন কেএলঅ’ সদস্যদুজন ২নং চৌটাকীৰ কৃষ্ণ বৰ্মণ ওৰফে মনোজ কোচ (১৯) আৰু সম্বাৰু বৰ্মণ ওৰফে খুদু (২০) বুলি জানিব পৰা গৈছে। নিৰাপত্তাৰক্ষীয়ে তেওঁলোকৰ জিন্মাৰ পৰা দুটা পিষ্টল, চাৰি জাঁই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷
কোকৰাঝাৰ আৰক্ষী আৰু সেনাৰ ১২নং শিখলাই ৰেজিমেণ্টে সুকীয়া সুকীয়াকৈ দিয়া বিবৃতি অনুসৰি এক বিশেষ সূত্ৰৰ পম খেদি দেওবাৰে পুৱতি নিশা কোকৰাঝাৰ জিলাৰ উপ-আৰক্ষী অধীক্ষক(প্ৰ) নাহিদ কৰিশ্মাৰ নেতৃত্বত অসম আৰক্ষীৰ এটা অভিযানকাৰী দল, সেনা বাহিনীৰ ১২নং ছিখলাই ৰেজিমেণ্ট আৰু কোব্ৰা বাহিনীয়ে যৌথ অভিযান চলাই ছালাকাটি উপ-আৰক্ষী চকীৰ অন্তৰ্গত শিলকাটাৰীত কেএলঅ’ৰ দুজন সদস্যক আটক কৰিবলৈ সক্ষম হয়৷