newsnextone.com | কাকপথাৰঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উজনিত দুদিনীয়া ভ্ৰমণ সূচী সামৰাৰ পিছতে এইবাৰ উজনিত দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ আৰম্ভ কৰিছে বিজেপিৰ বিভিন্ন সমিতিয়ে৷ পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হোৱাৰ উদ্দেশ্যে বিজেপিৰ যুৱ মৰ্চাৰ শদিয়া জিলা সমিতিয়ে সোমবাৰে কাকপথাৰ অাঞ্চলিক সাংস্কৃতিক সংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰে এখন সভা।
শদিয়া জিলা যুৱ মৰ্চাৰ সভাপতি তীৰ্থৰাজ নেওঁগৰ সভাপতিত্বত অনুষ্ঠিত সভাত ৰাজ্যিক সভাপতি অনুপ বৰ্মন, উপ-সভাপতি ময়ুৰ বুঢ়াগোহাঁই, সাধাৰণ সম্পাদক অৰুণজ্যোতি হাজৰিকা, বিভিন্ন জিলাৰ বহুকেইজন যুৱ নেতাই অংশগ্ৰহণ কৰে। সভাত অাগন্তুক পঞ্চায়ত অাৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে দলৰ সাংগঠনিক ভেটি অধিক সুদৃঢ় কৰাৰ লগতে গ্ৰাম্য অঞ্চলত চৰকাৰৰ আঁচনি সমূহ ৰূপায়নত গুৰুত্ব প্ৰদান কৰাৰ কথাই স্থান লাভ কৰে৷