newsnextone.com | বিহালীঃ এনআৰচিৰ কাম পূৰ্ণ গতিত চলি থকাৰ সময়তে সীমান্ত আৰক্ষীয়ে ধৰ্মীয় আৰু ভাষিক সংখ্যালঘূ লোকক ডি-ভোটাৰ সজাই এনআৰচিৰ পৰা নাম কৰ্তন কৰাৰ লগতে অমানৱীয় অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে। যাৰ ফলত মঙলবাৰে আমছুৱে সমগ্ৰ ৰাজ্যত প্ৰতিবাদ সাব্যস্ত কৰে৷ বিভিন্ন জিলাৰ লগতে বিশ্বনাথ জিলাতো বিশ্বনাথ জিলা আমছুৱে বিশ্বনাথ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে৷
এন আৰ চিৰ কাম চলি থকাৰ সময়তে ধৰ্মীয় আৰু ভাষিক সংখ্যালঘূ লোকক সীমান্ত আৰক্ষীয়ে ডি-ভোটাৰ সজোৱাৰ প্ৰতিবাদত আৰু বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় নাগৰিকক ডি-ভোটাৰৰ জাননী প্ৰেৰণ কৰা বন্ধ কৰাৰ দাবীত মঙলবাৰে দিনৰ ১১ বজাৰ পৰা ১ বজালৈ ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।