newsnextone.com | ওদালগুৰিঃ ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত ভেলাপাৰাত সোমবাৰে নিশা সংঘটিত হয় এক নৃশংস হত্যাকাণ্ড। স্বামীৰ হাতত প্ৰাণ গ’ল দুৰ্ভগীয়া পত্নীৰ। নিশা প্ৰায় ২.৩০ বজাত ৰৌতাৰ ভেলাপাৰাত সত্য নাৰায়ণ কুল(৪৭) নামৰ এজন লোকে তেওঁৰ পত্নী মঞ্জু কুলক (৩৫) কুঠাৰেৰে ঘপিয়াই হত্যা কৰে।
ইয়াৰ পাছত হত্যাকাৰী স্বামীয়ে ৰৌতা আৰক্ষী থানাত কুঠাৰসহ আত্মসমৰ্পন কৰে। পাছত ৰৌতা আৰক্ষীয়ে স্বামী সত্যনাৰায়ণ কোলক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে হত্যাকাণ্ড সংঘটিত হোৱা স্থানত উপস্থিত হৈ মঞ্জু কুলৰ মৃতদেহট উদ্ধাৰ কৰে।