newsnextone.com | ডিজিটেল ডেস্কঃ উত্তৰ পূবৰ বক্সিঙৰ ৰাণী এম চি মেৰিকমো আহিল সংসদৰ বৰ্ষাকলীন অধিবেশনলৈ৷ ৰাজ্যসভাৰ মনোনিত সদস্য হিচাপে নিৰ্বাচিত হোৱা বুধবাৰৰ পৰা আৰম্ভ হোৱা বৰ্ষাকালীন অধিবেশনত হাতত বেগলৈ সংসদত প্ৰৱেশ কৰা দেখা যায় মেৰিক৷ মেৰিয়ে সংবাদ মাধ্যমৰ সন্মুখত ফটোৰ বাবে থিয়ও দিয়ে৷
তিনিটা সন্তানৰ মাতৃ হৈয়ো বক্সিঙত আজিও দপদপাই আছে বক্সিঙৰ ৰাণী মেৰী কমে৷ পাঁচবাৰৰ বিশ্ব চেম্পিয়ন মেৰী৷ সংসদৰ বৰ্ষাকালীন অধিবেশন বুধবাৰৰ পৰা অনুষ্ঠিত হৈছে৷ ১৮ দিন চলিবলগীয়া অধিবেশনত তিনি তালাক, পিছপৰা শ্ৰেণীৰ আয়োগৰ সাংবিধানিক মৰ্যদা দিয়াকে ধৰি কেইবা খনো বিধেয়ক চৰকাৰে উত্থাপন কৰিব পাৰে৷