newsnextone.com | তেজপুৰঃ ৰাজ্যৰ বহু বিতৰ্কিত এগৰাকী ৰাজনৈতিক দলৰ নেতাৰ কন্যাই ক্ষমতাৰ অপব্যৱহাৰ কৰি ৰাজপত্ৰিত বিষয়াৰ চাকৰি লোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শোণিতপুৰ জিলাত তথা তেজপুৰ লোকসভা সমষ্টিত৷ বিজেপি নেতা তথা তেজপুৰৰ সাংসদ আৰ পি শৰ্মাৰ কন্যাই পিতৃৰ প্ৰভাৱ খটুৱাই অসম লোকসেৱা আয়োগত চাকৰি লোৱাৰ অভিযোগ উত্থাপন হোৱাত ব্যাপক চৰ্চা আৰম্ভ হৈছে শোণিতপুৰ জিলা তথা তেজপুৰ লোকসভা সমষ্টিত৷ সাংসদ হৈ থকা কালত তথা নিজ দলৰ চৰকাৰ থকাৰ পিছতোঁ নিজ সমষ্টিৰ শিক্ষিত নিৱনুৱাক কোনো দিনে ঘুৰি নোচোৱা আৰপি শৰ্মাই নিজ কন্যাক ক্ষমতাৰ অপব্যৱহাৰ কৰি ৰাজপত্ৰিত বিষয়াৰ চাকৰিত নিয়োগ কৰিছিল বুলি পূৰ্বৰ পৰাই অভিযোগ উত্থাপন হৈ আহিছে৷
টকা দি যোগ্য মেধা ছাত্ৰ-ছাত্ৰীক বঞ্চিত কৰি কেন্দ্ৰত নিজ দলৰ চৰকাৰ থকাৰ সময়ত বিজেপি নেতাই নিজৰ কন্যা-আত্মীয়ক সংস্থাপিত কৰিছিল বুলি অভিযোগ আজিৰ নহয়৷ তেজপুৰৰ সাংসদ আৰপি শৰ্মাই নিজেই সাংসদ হোৱাৰ সুবাদতে ৰাজ্যৰ তদনীন্তন কংগ্ৰেছ চৰকাৰৰ দিনত কন্যাক চাকৰি দিছিল বুলি অভিযোগ উত্থাপন হয়৷ সেই সময়ৰ বিৰোধী বিজেপি দলে অসম লোকসেৱা আয়োগৰ চাকৰি লবলৈ পিছ পৰি থকা নাছিল বুলি অভিযোগ উত্থাপন হৈছে৷ কংগ্ৰেছৰ দিনত বিজেপি দলৰো কেইবাগৰাকী জ্যেষ্ঠ নেতাৰ আত্মীয়ই চাকৰি লাভ কৰিছিল বুলি জানিব পৰা গৈছে৷ আনহাতে নলবাৰীৰ কংগ্ৰেছৰ নেতা তথা বহুবল্কী প্ৰাক্তন মন্ত্ৰী নীলমনিসেন ডেকাই নিজ দলৰ চৰকাৰৰ শাসন কালত নিজ পুত্ৰক চাকৰি দিয়া ঘটনাই নীলমনি সেন ডেকাৰ গৃহ জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল৷ অসম লোকসেৱা আয়োগৰ বৃহৎ কেলেংকাৰীত নীলমনিৰৰ পুত্ৰ ৰাজৰ্ষিৰ নাম খাঙুৰ হৈ পৰাত তথা আৰক্ষীৰ পৰা বাছিবলৈ আত্মগোপন কৰা ঘটনাই বিশেষ চৰ্চাৰ লাভ কৰিছিল নলবাৰীত যদিও পিছত আত্মসমৰ্পণ কৰিছিল।