newsnextone.com | নাৰায়ণপুৰঃ অসমৰ জনসাধৰণৰ বাবে বানপানী, গৰাখহনীয়া অভিশাপ স্বৰূপ৷ বানপানী, গৰাখহনীয়া ৰোধ কৰাৰ প্ৰতিশ্ৰুতি দি শাসনলৈ আহিছিল বিজেপি, অগপ আৰু বিপিএফ দল৷ কিন্তু শাসনৰ গাদী লাভ কৰাৰ পিছতে বানপানী, খৰাখহনীয়াৰ সমস্যাক পাহৰি চৰকাৰ এতিয়া হিন্দু-মুছলমানক লৈ ব্যস্ত হৈ পৰিছে৷ বাৰিষা অহাৰ লগে লগে অসমৰ নৈপাৰত বাস কৰা লোকসকলৰ বাবে বাৰিষা হৈ পৰিব অভিশাপ স্বৰূপ৷ নৈ পৰীয়া ৰাইজৰ বাবে বাৰিষা কাল যেন অভিশাপ অসমীয়াৰ বাবে৷ কিয়নো বাৰিষাৰ বৰষুণে ফেনে-ফুটুকাৰে উফন্দি পৰে নদ-নদী, খাল-বিল, জান-জুৰি৷ নৈয়ে ভৰ ল’ব নোৱাৰা পানীৰ চাপত আৰম্ভ হয় গৰা খহনীয়া৷
গৰা খহনীয়াৰ প্ৰবাল ৰূপে নৈপৰীয়া ৰাইজৰ জীৱন-সংগ্ৰামক ধুলাস্যাৎ কৰে৷ মুহূৰ্ততে উটুৱাই নিয়ে সপোনৰ ঘৰখন৷ নৈয়ে ৰণচণ্ডী ৰূপ ধাৰণ কৰি উটুৱাই নিয়ে খেতি পথাৰৰ সপোনবোৰ৷ এফালৰ পৰা খহাই লৈ যায় নৈৰ পৰীয়া ৰাইজৰ আশাৰ ৰেঙণিক৷ নৈৰ কোৱাল সোঁতে উটুৱাই লৈ যায় কষ্টোপাৰ্জিত স্থাৱৰ-অস্থাৱৰ সম্পদসমূহ৷