গোৰেশ্বৰ/মুছলপুৰঃ বিটিএডিৰ পৰা অবড়ো গাওঁ কৰ্তন আৰু পৃথক বড়োলেণ্ডৰ বিৰোধিতা কৰি অহা ২২ এপ্ৰিলৰ পুৱা ৬বজাৰ পৰা ২৪ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছে অবড়ো সুৰক্ষা সমিতিয়ে। আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিযোগে এই কথা জনাইছে অবড়ো সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক যোগেশ্বৰ কলিতাই।
বিবৃতিটোত আৰু কোৱা হৈছে যে ২০০৩ চনত যেনেকৈ অবড়োসকলৰ মত নোলোৱাকৈ বিটিচি চুক্তি কৰা হ’ল তাৰে পদাংক অনুসৰণ কৰি পুনৰ অসম চৰকাৰ, ভাৰত চৰকাৰৰ সৈতে আলোচনা কৰি বড়োলেণ্ড গঠনৰ প্ৰস্তুতি চলাইছে।