newsnextone.com | ওদালগুৰিঃ একেটা পৰিয়ালৰ তিনিগৰাকী সদস্যক যাৱজ্জীৱন কাৰাদণ্ড বিহে ওদালগুৰি জিলা সত্ৰ ন্যায়ধীশৰ আদালতে। এক হত্যাকাণ্ডৰ গোচৰৰ দোষী একেটা পৰিয়ালৰ তিনিজন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে বুধবাৰে। ওদালগুৰি জিলাৰ কলাইগাওঁ আৰক্ষী থানাৰ ৩৪১/৩০২/৩৪ নং ধাৰাৰ অধীনত ২৩/২০১২ আধাৰত সত্ৰ ন্যায়ধীশৰ আদালতত চলা গোচৰৰ অন্তত একেটা পৰিয়ালৰ তিনিজন জ্ঞানেন্দ্ৰ দাস, চিন্তাৰাণী দাস আৰু উৎপল দাসক শাস্তিক ৰায় দিয়ে।
উল্লেখ্য যে, ২০১২ চনৰ ১৮ মাৰ্চৰ সন্ধিয়া প্ৰায় ৬.৩০ বজাত কলাইগাঁৱৰ শৈলেন্দ্ৰ দাস নামৰ লোক এজনে বাসগৃহ অভিমুখে চাইকেলেৰে আহি থকা অৱস্থাত বাসগৃহৰ সমীপতে দা, লাঠি আৰু কুঠাৰেৰে নৃশংসভাৱে আক্ৰমণ কৰিছিল একাংশ লোকে। আক্ৰমণত গুৰুতৰ ভাৱে আহত শৈলেন্দ্ৰ দাসক প্ৰথমে কলাইগাঁও চৰকাৰী হাস্পতাললৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।