newsnextone.com | মৰিয়নীঃ যোৰহাট জিলাৰ পৰা এটা চিকিউৰিটি গাৰ্ড নিযুক্তি দিয়া এজেন্সিয়ে পলায়ন কৰাৰ ঘটনাই তীব্ৰ চঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, বহু শিক্ষিত যুৱকক চিকিউৰিটি গাৰ্ডত চাকৰি দিয়াৰ প্ৰলোভন দি টকা ভেটি লৈ পলায়ন কৰে এজেন্সিটোৱে।
ইতিমধ্যে ভুৱা এজেন্সিটোৰ বিৰুদ্ধে যোৰহাট লিচুবাৰী আৰক্ষী চকীত কেইবাগৰাকী লোকে এজাহাৰ দাখিল কৰে। দৰং জিলাৰ মঙলদৈৰ বিশ্বজিত দেৱশৰ্মা আৰু দেৰগাওঁ নাহৰণিৰ ৰাজীৱ অাহমেদ নামৰ দুজন লোকে অসম চিকিউৰিটি চাৰ্ভিচ নামৰ এজেন্সিটো চলাইছিল বুলি জানিব পৰা গৈছে।