newsnextone.com | খেৰণিঃ ২১ শতিকাত মোবাইলৰ টাৱাৰ বহুওৱাৰ দাবীত গণ স্বাক্ষৰ সংগ্ৰহ কৰিব লগীয়া হোৱাৰ ঘটনাই ডিজিটেল ইণ্ডিয়াত লজ্জাৰ বিষয় হৈ পৰিছে। বছৰ বছৰ ধৰি টাৱাৰ বহুওৱাৰ দাবী জনাই অহাৰ পিছতোঁ চৰকাৰী আৰু ব্য়ক্তিগত মোবাইল সেৱা কোম্পানীয়ে গুৰুত্ব প্ৰদান নকৰাত অৱশেষত পুৰুষ-মহিলাই গণ স্বাক্ষৰ সংগ্ৰহ কৰি চৰকাৰক প্ৰেৰণ কৰিব আৰু মোবাইল টাৱাৰ স্থাপনৰ দাবী জনাব।
বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ জয় জয়কাৰৰ সময়তে পশ্চিম কাৰ্বি আংলঙবাসীয়ে গণ স্বাক্ষৰ সংগ্ৰহ কৰিবলগীয়া হৈছে মোবাইলৰ টাৱাৰ স্থাপনৰ দাবীত। দুৰ্গম পাহাৰীয়া অঞ্চলবাসীয়ে যোগাযোগৰ নামত এক ভয়াবহ পৰিবেশৰ সন্মুখীন হৈছে।