newsnextone.com | চাবুৱাঃ ডিব্ৰুগড়-তিনিচুকীয়া জিলাত ব্ৰহ্মপুত্ৰ নদীৰ বুকুত চোৰাং কাঠৰ ব্যৱসায় চলি থকা বুলি দীৰ্ঘ দিনৰ পৰাই অভিযোগ উত্থাপন হৈ আহিছে। অৰুণাচল সীমান্তৰ পৰা নদীৰ বুকুৰ লাখ লাখ টকাৰ চোৰাং কাঠৰ কুণ্ডা সৰবৰাহ হৈ অহা বুলি অভিযোগ উত্থাপন হৈ আহিছে।
ইমানে নহয় সংবাদ মাধ্যমত এই বাতৰি তথ্য সহ প্ৰকাশ পোৱাৰ পিছতোঁ বন বিভাগ তথা প্ৰশাসনে গুৰুত্ব প্ৰদান নকৰাত আজিও নদীৰ বুকুত আৰু ৰাজপথেৰে অবৈধ ভাৱে এই ব্যৱসায় চলি আছে। কিন্তু জিলা দুখনৰ প্ৰশাসনে এই ব্যৱসায়ৰ বিৰুদ্ধে কেতিয়াও অভিযান নচলায়।