newsnextone.com | ৰৌতাঃ অৱশেষত অসমীয়া জাতিৰ দলিল প্ৰকাশ পালে। যাৰ বাবে সুদীৰ্ঘ কাল সংগ্ৰাম কৰিব লগা হৈছিল অসমীয়া জাতিয়ে। ৰাজপথ উত্তাল কৰাৰ লগতে অসমীয়া ডেকাই প্ৰাণ দিব লগা হৈছিল। বহু ডেকাই পংগু হ’ব লগা হৈছিল। ৮৫৫ গৰাকী শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত বহু জল্পনা-কল্পনাৰ অন্তত অসমীয়াই লাভ কৰিলে এখন শুদ্ধ এনআৰচি। সোমবাৰে পুৱাই ৰাইজৰ মাজলৈ আহিল এনআৰচি। সম্পূৰ্ণ খচৰা প্ৰকাশ পোৱাৰ পিছতে সোমবাৰে পুৱাৰে পৰা ৰাইজে সেৱা কেন্দ্ৰ সমূহলৈ ওলাই আহি নিজৰ নিজৰ নাম সমূহ পৰীক্ষা কৰি থকা পৰিলক্ষিত হৈছে।
ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে বিটিএডিৰ সেৱা কেন্দ্ৰ সমূহলৈ ৰাইজ ওলাই অহা পৰিলক্ষিত হয়। শান্তিৰে ৰাইজে লাইনত থিয় দি নিজৰ নিজৰ নাম পৰীক্ষা কৰে। বিটিএডিৰ প্ৰতিটো এনআৰচি সেৱা কেন্দ্ৰত সোমবাৰে পুৱাৰে পৰা ৩০-৪০ জনকৈ নিৰাপত্তাৰক্ষী নিয়োগ কৰিছে প্ৰশাসনে। কটকটীয়া নিৰাপত্তাৰ মাজত সেৱা কেন্দ্ৰত মানুহে নিজৰ নাম পৰীক্ষা কৰি থকা পৰিলক্ষিত হৈছে। ওদালগুৰি জিলাৰ ভূটান সীমান্তৰ ৰৌতাৰ সংখ্যালঘূ এলেকা আমিনপাৰা, ইকৰাবাৰী অঞ্চলৰ সেৱা কেন্দ্ৰসমূহত খচৰা তালিকাত নাম চাবলৈ মানুহৰ ভিৰ লাগে।