Home ৰাজ্যশান্তিপূৰ্ণভাৱে NRCৰ সম্পূৰ্ণ খচৰা প্ৰকাশ, ৰাজ্যবাসীক শুভেচ্ছা হাগ্ৰামাৰ, উভতি ধৰিলে মমতাক

শান্তিপূৰ্ণভাৱে NRCৰ সম্পূৰ্ণ খচৰা প্ৰকাশ, ৰাজ্যবাসীক শুভেচ্ছা হাগ্ৰামাৰ, উভতি ধৰিলে মমতাক

by News Desk
62 views
A+A-
Reset

newsnextone.com | কোকৰাঝাৰঃ অসমৰ বাবে আজি এক ঐতিহাসিক দিন ৷ অসমৰ ৰাইজে পৰিৱেশ শংকা কৰাৰ পিছতোঁ সুকলমে এনআৰচিৰ কাম সম্পূৰ্ণ হোৱাত আদৰণি জনাইছে বিপিএফ দলে ৷ বড়োলেণ্ড অতিথিশালাত সোমবাৰে বিপিএফৰ সভাপতি তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এনআৰচিৰ পৰা বাদ পৰা নাগৰিকক আইনী প্ৰক্ৰিয়াৰে সহায় কৰিব বুলি সদৰি কৰিছে৷ সংবাদমেলত হাগ্ৰামই চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মন্তব্যত দুৰ্ভাগ্যজনক আখ্যা দি মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে কোৱাৰ দৰে অসমৰ পৰা কোনো বিহাৰী অথবা বঙালীক বিতাড়ণ কৰাৰ পৰিকল্পনা কৰা নাই বুলি কয় ৷

উচ্চতম ন্যায়ালয়ে ৰায় নিদিয়ালৈকে কোনো লোক বিদেশী হ’ব নোৱাৰে বুলি মন্তব্য কৰি ভাৰতীয় লোকক হাৰাশাস্তি কৰাৰ প্ৰশ্ন আহিব নোৱাৰে বুলিও কয় মহিলাৰীয়ে সংবাদমেলত সদৰি কৰে ৷ উল্লেখ্য যে, মহিলাৰীয়ে চিৰাং জিলাৰ ঢালিগাঁৱৰ সমীপৱৰ্তী কুকুৰমাৰিস্থিত কাৰ্বন উদ্যোগে অঞ্চলবাসী ৰাইজৰ জনস্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই অনাৰ পৰিপ্ৰেক্ষিতত বিটিচি প্ৰশাসনে বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া সত্বেও উচ্চ ন্যায়ালয়ৰ পৰা স্থগিতাদেশ আনি পুনৰায় উদ্যোগটো চলাই নিয়া কাৰ্যত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি যদিহে  শীঘ্ৰে উদ্যোগটো বন্ধ নকৰে তেন্তে বিপিএফ দলে অহা ৪ আগষ্টত কোকৰাঝাৰত অনুষ্ঠিত হ’বলগীয়া কাৰ্য নিৰ্বাহক সভাযোগে সকলো বিষয় আলোচনা মৰ্মে সিদ্বান্ত গ্ৰহণ কৰা হ’ব বুলিও মহিলাৰীয়ে সদৰি কৰে ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0