newsnextone.com | ৰঙিয়াঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰাৰ পৰা প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদৰ পৰিয়ালৰ নাম বাদ পৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। সোমবাৰে পুৱা ১০ বজাত মুকলি কৰা হ’ল এনআৰচিৰ চূড়ান্ত খচৰা। সোমাবাৰে পুৱা ১০ বজাত এনআৰচিৰ চূড়ান্ত খচৰা এনআৰচিৰ গুৱহাটীস্থিত ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ত মুকলি কৰে দেশৰ মহাপঞ্জীয়ক এছ এছ শৈলেছ, উত্তৰ পূৰ্বাঞ্চলৰ গৃহ সচিব সত্যেন্দ্ৰ গাৰ্গ আৰু এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই।
অনলাইন যোগে আনুষ্ঠানিকভাৱে প্ৰকাশ পােৱাৰ পিছতে ৪০ লাখ ৭ হাজাৰ লোকৰ নাম সন্নিৱিষ্ট হোৱা নাই এই কথা ওলাই পৰে। তাৰ লগে লগে নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰাৰ পৰা এটা বিশেষ পৰিয়ালৰ নাম বাদ পৰাত চকু কঁপালত উঠিছে ৰাইজৰ।