newsnextone.com | কাজিৰঙাঃ অসমীয়া জাতিয়ে মাটি, ভেটি হেৰুওৱাৰ মুহূৰ্তত উপনীত হোৱাৰ সময়তে আশাৰ ৰেঙনি আনিছিল এনআৰচিয়ে। অসমৰ ভৱিষ্যত প্ৰজন্ম অসমত সুৰক্ষিত হৈ থাকিব লাগিবলে এখন উন্নত নাগৰিক পঞ্জী খুবেই প্ৰয়োজন আছিল। যাতে অসম সোমাই অহা বিদেশীক অসমৰ পৰা খেদিব পৰা যায় আৰু দুনাই অসমলৈ বিদেশীয়ে সোমাই আহিলে সহজেই চিনাক্ত কৰিব পৰা যায় তাৰ এক ব্যৱস্থা হৈ থকাৰ বাবে এনআৰচি অসমীয়াক প্ৰয়োজন আছিল।
লুইতৰ পাৰৰে তুমি ডেকা লʼৰা তুমিয়েতো বুকু পাতি দিলাঁ, ভাৰতীৰ নুমলী জীক বচাবলে তুমিয়েতোঁ মৃত্যু বৰিলাঁ। তাহানিতে ড০ ভূপেন হাজৰিকাই গীতৰ মাধ্যমেৰে অসমীয়া ডেকাক মৃত্যু বৰিলাঁ বুলি কৈ থৈ যোৱাৰ দৰে নুমলী জীক বচাবলৈ ৮৫৫গৰাকী শ্বহীদৰ তেজৰ বিনিময়ত অসমীয়াই আজি আশাৰ ৰেঙনি দেখিবলৈ সক্ষম হৈছে৷