newsnextone.com | ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ মাৰাঠা সংৰক্ষণ আন্দোলন ক্ৰমে হিংসাত্মক হ’ব ধৰিছে। পুণে-নাচিক ৰাষ্ট্ৰীয় ঘাইপথত মাৰাঠা সংৰক্ষণ আন্দোলনকাৰীয়ে ব্যাপক হিংসাৰ আশ্ৰয় লৈ আহিছে। হিংসাৰ ফটো সংগ্ৰহ কৰা প্ৰায় ১০০গৰাকীতকৈ অধিক লোকৰ মোবাইল ফোন ভাঙি পেলায় আন্দোলনকাৰীয়ে। বহু যান-বাহনৰ ক্ষতি সাধন কৰে। সমগ্ৰ এলেকাত ১৪৪ ধাৰা জাৰি কৰিব লগা হয় প্ৰশাসনে। যান বাহনৰ চলাচল বন্ধ কৰি দিয়াত যাত্ৰীয়ে হাহাকাৰ কৰিব লগা হয়।
মহাৰাষ্ট্ৰৰ বিভিন্ন প্ৰান্তত উত্তেজনাই বিৰাজ কৰিছে। মাৰাঠা জনগোষ্ঠীয়ে সংৰক্ষণৰ দাবীত ২২ জুলাইৰ পৰা আৰম্ভ কৰা প্ৰতিবাদে উত্তাল কৰি ৰাখিছে ৰাজ্য খনৰ বিভিন্ন এলেকা। সমানে উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যত।