Home ৰাজ্যহেৰাই যাব নেকি নাঙল-মাটি-মানুহৰ সম্পৰ্ক

হেৰাই যাব নেকি নাঙল-মাটি-মানুহৰ সম্পৰ্ক

by News Desk
159 views
A+A-
Reset

newsnextone.com | নগাঁওঃ তথাকথিত আধুনিকতাৰ ধামখুমীয়া আৰু যান্ত্ৰিকতাৰ কৰাল গ্ৰাসত পৰি ক্ৰমাৎ হেৰাই যাব ধৰিছে অসমীয়া চহা গ্ৰাম্য জীৱনৰ লগত ওতঃপোতভাৱে জড়িত নাঙল-মাটি-মানুহৰ সম্পৰ্ক ৷ সমাজ পৰিৱৰ্তনৰ দ্ৰুতগামী যাত্ৰাৰ নৱপ্ৰজন্মৰ কাৰণে যেন ক্ৰমাৎ অচিনাকী হৈ পৰিছে বোকা-মাটিৰ সুৱাস মিহলি হৈ থকা পথৰুৱা দৃশ্য ৷ কাৰণ এতিয়া ভৰ বাৰিষাৰ বতৰতো পূৰ্বৰ দৰে খেতিপথাৰত দেখা পোৱা নাযায় গৰু, হাল, নাঙল, মৈ, যুৱলি আদিৰ দৰে কৃষকৰ অতি আদৰৰ আৰু অসমীয়া কৃষি পদ্ধতিৰ আজীৱন আহিলাসমূহ ৷ 

ইয়াৰ বিপৰীতে এইবোৰৰ স্থান দখল কৰিছে ট্ৰেক্টৰ আৰু পাৱাৰটিলাৰ আদিয়ে ৷ উল্লেখ্য, পূৰ্বতে খেতিৰ বতৰত কৃষকৰ মূল লগৰি আছিল হালৰ গৰুহাল ৷ এই হালৰ গৰুৰ কথা বাদ দি খেতিৰ কথা ভবাটো কল্পনাৰো অগোচৰ আছিল ৷ বৰষুণৰ পানীৰে পথাৰ উপচি পৰাৰ লগে লগে গঞা ৰাইজৰ ব্যস্ততাৰ অন্ত নাথাকে ৷ ডেকা-বুঢ়াসকলোৱে খেতিৰ বাবে ভাগে ভাগে যুদ্ধংদেহী মনোভাবেৰে পথাৰত নামি পৰে ৷ দোক-মোকালিতে শোৱাপাটী এৰি চাহ-জলপান খাই পথাৰত গৈ বলধ গৰুহালেৰে হাল বাই মাটি চহোৱা, মৈ দিয়া, আলি দিয়া কিম্বা পথাৰৰ জাবৰ-বন আতৰোৱা আদিত সকলো ব্যস্ত হৈ পৰে ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0