newsnextone.com | ডিকমঃ ৰাজ্যজুৰি এনআৰচিক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ মাজতে শনিবাৰে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ডিকম আঞ্চলিক সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।
ডিকম ৰেল ষ্টেচনৰ সমীপত সংগঠনটোৰ শতাধিক নেতা-কৰ্মীয়ে ৪ ঘণ্টীয়া অৱস্থান ঘৰ্মঘট ৰূপায়ন কৰি শীঘ্ৰে নাগৰিকত্ব বিধেয়ক বাতলি কৰাৰ দাবী জনায়। অৱস্থান ঘৰ্মঘট কাৰ্যসূচীৰ অন্তত চাবুৱা ৰাজ চক্ৰ বিষয়াৰ জৰিয়তে যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষলৈ স্মাৰক প্ৰত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে।