newsnextone.com | দিল্লীঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সোমবাৰে অসম আন্দোলন সংগ্ৰামী মঞ্চই দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰে। অসমৰ পৰা যোৱা কেইবা শতাধিক লোকে একপ্ৰকাৰ চৰকাৰ বিৰোধী শ্ল’গানেৰে দিল্লী কঁপাই তোলে।
অসম আন্দোলন সংগ্ৰামী মঞ্চৰ আহ্বানত দিল্লীৰ যন্তৰ মন্তৰত সোমবাৰে পুৱাই সমবেত হয় অসমৰ অসমৰ লোক। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ লগতে অসম চুক্তি ৰূপায়ন কৰাৰ দাবীত যন্তৰ মন্তৰৰ পৰা ‘সংসদ যাত্ৰা’ কৰে প্ৰতিবাদকাৰীসকলে। সমদল কৰি গৈ থকাৰ সময়তে আৰক্ষীয়ে বাধা প্ৰদান কৰে যদিও আৰক্ষীয়ে আবদ্ধ কৰা ঠাইতে প্ৰতিবাদ সাব্যস্ত কৰে।