newsnextone.com | ডিজিটেল ডেস্কঃ স্বাধীনতা দিৱসলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে দেশত সংঘটিত কৰিব পাৰে বৃহৎ আক্ৰমণ। ইতিমধ্যে এই আশংকা কৰি দেশৰ নিৰাপত্তাৰক্ষীক সতৰ্কতা জাৰি কৰিছে গৃহ বিভাগে।
তাৰ মাজতে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে ভাৰতত সোমাব বিচৰা এটা পাকিস্তানৰ সন্ত্ৰাসবাদীৰ দলৰ চেষ্টাক বিফল কৰে ভাৰতীয় সেনাই। ভাৰতত প্ৰৱেশ কৰিব খোজা ৮ পাকিস্তানৰ সন্ত্ৰাসবাদীৰ মাজত ২জনক গুলিয়াই নিহত কৰিবলৈ সক্ষম হয় ভাৰতীয় সেনাই।