newsnextone.com | ডিজিটেল ডেস্কঃ মঙলবাৰে পুৱাৰে পৰা ভাৰত-পাক সীমান্তৰ বান্দিপোৰাৰ গুৰেজ চেক্টৰত ভাৰতত সোমাব বিচৰা পাক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলা অভিযানত এতিয়ালৈ চাৰিগৰাকী সন্ত্ৰাসবাদী নিহত হয়। বৰ্তমানেও দুয়ো পক্ষৰ মাজ সংঘৰ্ষ চলি আছে বুলি খবৰ প্ৰকাশ হৈছে। পুৱাই দুগৰাকী সন্ত্ৰাসবাদী নিহত হৈছিল। তাৰ লগে লগে ভাৰতীয় সেনাৰ এগৰাকী মেজৰ সহ চাৰিগৰাকী জোৱান নিহত হয়। পুনৰ সমগ্ৰ এলেকা ঘেৰি লৈ চলোৱা অভিযানত পুনৰ দুই সন্ত্ৰসবাদী নিহত হোৱাৰ লেগ লগে মঙলবাৰে সেনাৰ গুলিত ৪ গৰাকী সন্ত্ৰাসবাদী নিহত হয়।
স্বাধীনতা দিৱসলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে দেশত বৃহৎ আক্ৰমণ সংঘটিত কৰিব পাৰে বুলি ইতিমধ্যে এই আশংকা কৰি দেশৰ নিৰাপত্তাৰক্ষীক সতৰ্কতা জাৰি কৰিছিল গৃহ বিভাগে।