newsnextone.com | ডিজিটেল ডেস্কঃ হস্পিতালৰ বাহিৰত কান্দোনত ভাগি পৰিছে জনতাৰ নেতাৰ সমৰ্থক। হাজাৰ হাজাৰ সমৰ্থকক বাধা দি ৰখাব পৰা নাই আৰক্ষীয়ে। কোনোৱে দুই-তিনিদিনলৈ নেতাৰ খবৰ লবলৈ আহি দোকানৰ সন্মুখত, পদপথত পৰি ৰৈছে। কোনো মুহূৰ্তত বেয়া খবৰ আহিব পাৰে বুলি ভেকুৰি উঠে নেতাৰ সমৰ্থকসকল। যোৱা কেইবাদিন ধৰি হস্পিতালৰ বাহিৰত থিয় থকা সমৰ্থকে ভাত-পানী সকলো পাহৰি তেওঁলোকৰ প্ৰিয় নেতাৰ আশু আৰোগ্য কামনা কৰি প্ৰৰ্থনা কৰি আহিছে।
কেকিয়াবা কেতিয়াবা আবেগিক হৈ পৰি হস্পিতালৰ ভিতৰলৈ যাব খোজে সমৰ্থকে। কিন্তু সেয়া সম্ভৱ নহয় বাবেই অনিচ্ছা সত্বেও লাঠিচালনা কৰি খেদি পঠিয়াব লগা হয় আৰক্ষীয়ে। ৰাজ্যখনৰ একালৰ জনপ্ৰিয় নেতাগৰাকী এতিয়া হস্পিতালৰ বিছনাত সময় পাৰ কৰিছে। মুহূৰ্তই মুহূৰ্তই অহা খবৰ বোৰে চিন্তিতি কৰিছে সমৰ্থকক। হয়, ডিএমকেৰ মুৰব্বী, তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এম কৰুণানিধিৰ কথাকে কৈছো।