newsnextone.com | কোকৰাঝাৰঃ কৰ্বী (CoRBIE) নামৰ সেচ্ছাসেৱী সংস্থাৰ কোকৰাঝাৰ শাখাৰ উদ্যোগত যোৱা ৫ আগষ্টত ছালাকাটিস্থিত বঙাইগাঁও তাপ বিদ্যুৎ প্ৰকল্পৰ প্ৰেক্ষাগৃহত সৰ্প দংশনৰ সময় গ্ৰহণ কৰিবলগীয়া সজাগতা সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত কৰে।
সজাগতা সভাত বিষাক্ত আৰু অবিষাক্ত সাপৰ চিনাক্তকৰণ, প্ৰকৃতি আৰু মানৱ সমাজত সাপৰ ভূমিকা, সৰ্প দংশনৰ প্ৰাথমিক চিকিৎসা, চিকিৎসা বিজ্ঞানত সাপৰ ভূমিকা, সাপ সংৰক্ষণ আৰু ইয়াৰ আইনী স্থিতি আদি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰা হয়।