নলবাৰী: বৰভাগৰ ছাত্ৰ হিমাংশু বৰুৱাৰ আকস্মিক মৃত্যুত নলবাৰী জিলাত গভীৰ শোকৰ ছাঁ পৰে। নলবাৰী জিলাৰ কমাৰকুছি আৰক্ষী চকীৰ অন্তৰ্গত কোটালকুছি গাঁও তথা শংকৰদেৱ শিশু বিদ্যা নিকেতন, বৰভাগৰ সপ্তম শ্ৰেণীৰ ছাত্র হিমাংশু বৰুৱা(১৩)ৰ শুক্ৰবাৰে নিশা দহ বজাত আকস্মিকভাৱে মৃত্যু ঘটাত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে।
ঘটনাৰ বিৱৰণী মতে, সন্ধিয়া ককায়েকৰ সৈতে একেটা কোঠাতে হিমাংশুৱে কিতাপ পঢ়ি আছিল আৰু অলপ পিছত হিমাংশুৱে এটুকুৰা ঘাঁত মলম লগাবলৈ ওচৰৰ কোঠাটোত সোমাই কিছু সময়লৈ ওলাই নহাত ককায়েক হীৰক জ্যোতিয়ে কোঠাটোত প্ৰৱেশ কৰি হিমাংশু বিছনাত অচেতন হৈ পৰি থকা দেখি লগে লগে সৃষ্টি হয় এক হাহাকাৰ পৰিস্থিতিৰ। এই খবৰ বিয়পি পৰাৰ লগে লগে নিশা লোকে লোকাৰণ্য হৈ পৰে হিমাংশুৰ ঘৰত।