68
ৰঙিয়াঃ ৰঙিয়াৰ তুলসীবাৰীত অঘটন। মেকুৰীৰ কামোৰত এজন ছাত্ৰৰ মৃত্যু। জানিব পৰামতে ৰঙিয়া চহৰৰ সমীপৰ তুলসীবাৰী পাল বস্তিৰ পৰিমল পালৰ পুত্ৰ তথা তুলসীবাৰী বহুমুখী হাইস্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ উজ্জ্বল পালক তিনিমাহ পূৰ্বে তেওঁৰ নিজ ঘৰতে মেকুৰীয়ে কামুৰিছিল।
মেকুৰীয়ে কামোৰাৰ পিছত পৰিয়ালে চিকিৎসকৰ চিকিৎসা লোৱাৰ পৰিৱৰ্তে কবিৰাজৰ দ্বাৰা চিকিৎসা কৰে। কিন্তু লাহে লাহে কিশোৰটি অসুস্থ হোৱাত বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিয়ে।