newsnextone.com | লিডুঃ সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী লেখাপানী, জাগুন, মাৰ্ঘেৰিটা আদি অঞ্চলত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা। একাংশ অসাধু কুখ্যাত বন মাফিয়াই আৰক্ষী প্ৰশাসনৰ চকুত ধুলি দি বন বিভাগৰ অজ্ঞাতে অব্যাহত ৰাখিছে চোৰাং কাঠৰ অবৈধ সৰবৰাহ৷
শুকুৰবাৰে তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত মাৰ্ঘেৰিটাত পশ্চিম মাৰ্ঘৰিটা বনাঞ্চলিক বিষয়াৰ নেতৃত্বত যোৱা এটা বনকৰ্মী দলে এখন চোৰাং কাঠ ভৰ্ত্তি মেক্স গাড়ী জব্দ কৰিবলৈ সক্ষম হয়। পশ্চিম মাৰ্ঘেৰিটাৰ বনাঞ্চলিক বিষয়া টিংকু সিঙে নিশাৰ ভাগত গোপন সুত্ৰে পম খেদি এখন চোৰাং কাঠ ভৰ্ত্তি গাড়ী মাকুমকিল্লাৰ দিশৰ পৰা আহি থকাৰ অৱস্থাত মাৰ্ঘেৰিটা বাগানৰ সমীপত অভিযান চলাই প্ৰায় আশী চিএফটি পৰিমানৰ অবৈধ চোৰাং কাঠ জব্দ কৰাৰ লগতে এএচ ২৩ এ চি/৫৪১৫ নম্বৰৰ এখন মেক্স’ পিক আপ গাড়ী জব্দ কৰে।