ডিজিটেল ডেস্কঃ পুনৰ হত্যাৰ ভাবুকি জুবিন গাৰ্গক। ডিব্ৰুগড়ৰ চৌকিডিংগী খেলপথাৰত সংগীতানুষ্ঠান পৰিৱেশনৰ কেইঘণ্টামান পূৰ্বে কণ্ঠশিল্পীগৰাকীক এনেদৰে হত্যাৰ ভাবুকি দিয়া কাৰ্যই অনুৰাগীসকলক উদ্বিগ্ন কৰি তুলিছে।
কাই খাপলাং নামৰ এটা ফেচবুক একাউণ্টৰ পৰা শিল্পীগৰাকীক প্ৰদান কৰা হৈছে হত্যাৰ ভাবুকি। নাইন এম এম পিষ্টলেৰে জুবিনক গুলীয়াই হত্যাৰ ভাবুকি প্ৰদান কৰিছে কাই খাপলাঙে। ফেচবুক একাউণ্টটোত কাই খাপলাঙৰ লগতে তুলতুল বাগলাৰী বুলি নাম এটাও বন্ধনীৰ ভিতৰত উল্লেখ কৰা আছে।