77
ডিজিটেল ডেস্কঃ পুনৰ তালিবানৰ আক্ৰমণৰ বলি আফগানিস্থানৰ সামৰিক বাহিনী৷ আফগানিস্থানৰ উত্তৰাঞ্চলৰ মাজাৰ-ই-শ্বৰীফৰ সমীপত থকা সেনাৰ শিবিৰত শুকুৰবাৰে তালিবানে উপৰ্যুপৰি গুলিবৰ্ষণ কৰে৷
জানিব পৰামতে আফগান সামৰিক বাহিনীৰ পোছাক পৰিহিত উগ্ৰপন্থীৰ দলটোৱে অতি সহজতে ছেকগেট পাৰ হৈ সেনাৰ শিবিৰটোত প্ৰৱেশ কৰি অবাধে গুলিচালনা কৰে৷ উক্ত আক্ৰমণত আনুমানিক ৫০ জন আফগান সেনা নিহত হোৱাৰ উপৰিও বহুকেইজন সেনা আহত হোৱা বুলিও গম পোৱা গৈছে৷