ডিজিটেল ডেস্কঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ বৈঠকত ম’বাইল ফোন ব্যৱহাৰ নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰিছে৷ শুকুৰবাৰে অসামৰিক সেৱা দিৱসত ভাষণ দিয়াৰ সময়ত ম’বাইল ফোন টিপাৰ অংগী-ভংগীৰে মোদীয়ে কয় যে জিলাৰ বিষয়াসকল ইমানেই ব্যস্ত থাকে যে তেঁওলোকে ম’বাইলৰ স্ক্ৰীণৰপৰা মুৰ দাঙিবৰ সময়ে নাপায়৷
সেয়ে মোদীয়ে উপায়ন্তৰ হৈ তেঁও থকা বৈঠকত ম’বাইল ফোন নিষিদ্ধ কৰি দিছে৷ কিয়নো তাতেও কোনোবাই যদি ম’বাইল ফোন লৈ থমকি নোৰোৱাই হয় ! – এইবুলি ৰগৰ কৰি কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে৷