newsnextone.com। তামুলপুৰঃ ভাৰত চৰকাৰৰ নীতি আয়োগৰ পৰিকল্পনা অনুসৰি বাক্সা জিলাৰ তামুলপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত ১৮২ নং বৰখোপা প্ৰাথমিক বিদ্যালয়ত বৃহস্পতিবাৰে এটা পুথি ভঁৰাল উন্মোচন কৰা হয়।
পুথিভঁৰালটো আনুষ্ঠানিক ভাৱে উন্মোচন কৰে বাক্সা জিলা প্ৰাথমিক শিক্ষা বিষয়া প্ৰসন্ন বড়াই। উন্মোচনী অনুষ্ঠানত নীতি আয়োগৰ প্ৰতিনিধি জগদীশ বিষ্ণৈ প্ৰদাস চাহু, উপ স্কুল পৰিদৰ্শক বাৰলুমফু মুছাহাৰী, শিক্ষা বিভাগৰ গাণনিক মুনিন চৌহান, ১৮২ নং বৰখোপা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী মনিতা দেবী, তামুলপুৰ চৰকাৰী মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক মহীকান্ত দাস আদিকে ধৰি ভালে কেইগৰাকী চি আৰ চি চি, অভিভাৱক-অভিভাৱিকাসকলো উপস্থিত থাকে।