ডিজিটেল ডেক্সঃ গণেশ চতুৰ্থীৰ সময় নিচেই কাষ চাপি আহিছে৷ এইবাৰ গণেশ চতুৰ্থী সমগ্ৰ দেশত ১৩ চেপ্তেম্বৰৰ পৰা উদযাপন কৰা হ’ব৷ উখল-মাখল পৰিস্থিতি সমগ্ৰ দেশত৷ শুভ কামত কোনো বাধা-বিঘিনি নহ’বলৈ পূজা কৰে গণেশক৷
ধাৰ্মিক মান্যতা অনুসৰি হিন্দু সমাজত গণেশ চৰ্তুথীক গুৰুত্বপূৰ্ণ পূজা হিচাপে মানি লোৱা হয়৷ এই পূজা দেশৰ ৰাজ্য মহাৰাষ্ট্ৰত অতি ধুমধামেৰে পালন কৰা হয়৷ মহাৰাষ্ট্ৰবাসীৰ বাবে এই পূজাই যেন তেওঁলোকৰ বাবে এক নতুন জীৱন দান দি,সকলো সমস্যা দূৰ কৰে বুলি বিশ্বাস কৰে৷ যাৰ বাবে এক বিশাল আয়োজনৰ যো-জা চলাইছে ৰাজ্যত৷ ঘৰত প্ৰতিষ্ঠা কৰা ভগৱান গণেশ ধৰিত্ৰীত ১০ দিনৰ বাবে বিৰাজমান কৰিব বুলি বিশ্বাস কৰা হৈছে৷