ডিফু: এনডিএ চৰকাৰৰ চাৰি বছৰীয়া শাসন কালত পেট্ৰল, ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ গগণ চুম্বী মূল্যবৃদ্ধি, আৰু ৰাফেল বিমান ক্ৰয় কেলেংকাৰীৰ বিৰুদ্ধে সোমবাৰে কংগ্ৰেছে আহবান জনোৱা ১২ ঘণ্টীয়া ভাৰত বন্ধৰ সমৰ্থন জনাবলৈ আহি অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিব পৰাৰ আশংকাত আন ৪৪ গৰাকী কৰ্মী সমৰ্থকৰ সৈতে গ্ৰেপ্তাৰ হৈছে তিনি পাৰ্ব্যত্য জিলাৰ একমাত্ৰ সাংসদ বিৰেণ সিং ইংতি, প্ৰাক্তন বিধায়ক বিদ্যাচিং ইংলেং, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ছেমচন চিং ইংতি, কাৰবি আংলং জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দ্বয় বিদ্যাচিং ৰংপি, চন্দ্ৰচিং টেৰণ,জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী কাচাং তেৰাংপী ৷
আজি পুৱাৰে পৰা জিলা কংগ্ৰেছৰ ভাতৃ আৰু ভগ্নী সংগঠন জিলা মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ আৰু সংখ্যালঘু কোষৰ সমৰ্থক সকলে বিজেপি চৰকাৰৰ জনবিৰোধী আৰু অত্যাৱশ্যকীয় মূল্যবৃদ্ধিৰ প্ৰতিবাদত সমদল উলিয়ায় আৰু বিজেপি মুৰ্দাবাদ, বিজেপি গ’বেক আদি ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷