newsnextone.com | যোৰহাটঃ সম অধিকাৰ, সম বিকাশ বিচাৰি দিল্লী-দিছপুৰ চৰকাৰৰ ওচৰত বহুবাৰ অাবেদন নিবেদন কৰি অহাৰ পাছতো কলিতাসকলক কোনো গুৰুত্ব প্ৰদান কৰা নাই চৰকাৰখনে। অসম বিধান সভাত ১৮ জনকৈ কলিতা জনগোষ্ঠীৰ মন্ত্ৰী-বিধায়কক ৰাজ্যখনৰ সত্তৰ লাখ কলিতাৰ মূল দাবী জনজাতিকৰণৰ প্ৰসংগটো বিধান সভাত উত্থাপন কৰাৰ বাবে বাৰম্বাৰ দাবী জনোৱাৰ পাছতো বৰ্তমানলৈকে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ বাহিৰে কোনো এজনেই এই বিষয়টো উত্থাপন নকৰাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে সন্মিলনৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক দিগন্ত ভূঞাই।
ইফালে, মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে বহুবাৰ জনজাতিকৰণৰ প্ৰসংগত অালোচনাত বহাৰ পাছতো কোনো গুৰুত্ব প্ৰদান নকৰাত সংগঠনটোৱে অহা ৫ অক্টোবৰত ৫০ হেজাৰ লোকৰ সমাগমৰ লক্ষ্যৰে দিছপুৰ চলো কাৰ্যসূচী গ্ৰহণ কৰিছে।