newsnextone.com| ডিমৰীয়াঃ ডিমৰীয়া জিলা জনজাতি সংঘৰ উদ্যোগত , ডিমৰীয়াৰ ১৭টাকৈ জাতীয় সংগঠনৰ সহযোগত গুৱাহাটী মহানগৰী সম্প্ৰসাৰণ ২০১৭ বিধেয়কৰ বিৰোধীতা কৰি আৰু খিলঞ্জীয়াক ভূমি পট্টা প্ৰদানকৰাৰ দাবীত ২০ ছেপ্টেম্বৰ তাৰিখে সোণাপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে । ডিমৰীয়া জিলা জনজাতি সংঘৰ উদ্যোগত ডিমৰীয়া অঞ্চলৰ সকলো দল সংগঠন , সচেতন ব্যক্তি সকল উপস্থিত হৈ এই অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে।
অসম চৰকাৰে কামৰূপ (ম), কামৰূপ (গ্ৰাম্য), মৰিগাঁও, দৰং আৰু নলবাৰী এই পাঁচখন জিলাক সামৰি ৰাজধানী ক্ষেত্ৰ সম্প্ৰসাৰণ কৰিবৰ বাবে “অসম ৰাজ্যিক ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণ ২০১৭” বিধায়ক খন বাজেট নিৰ্ধাৰণ কৰাৰ সিদ্ধান্তত সৰব হৈ পৰে ডিমৰীয়াৰ জাতীয় সংগঠন সমূহ। ডিমৰীয়াৰ দল সংগঠন সমূহে খিলঞ্জীয়া বিৰোধী চৰকাৰ হায় হায় , বিজেপি হায় হায় ,অসম চৰকাৰ হায় হায় , জনজাতি বিৰোধী চৰকাৰ হায় হায় , অতি শীঘ্ৰে খিলঞ্জীয়াক ভূমি পট্টা পদান কৰক আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।