newsnextone.com | শিৱসাগৰঃ শিৱসাগৰ জিলাৰ কালুগাঁৱত যোৱা ২০ চেপ্তেম্বৰৰ সন্ধিয়া এক আৰম্বপূৰ্ণ পৰিৱেশত দিহানামৰ শ্ৰাব্য কেছেট ‘নন্দৰ কানাই’ৰ শুভ উদ্বোধন কৰে শিৱসাগৰ মহাবিদ্যালয়ৰ প্ৰবক্তা ড০ সব্যসাচী মহন্তই এই মন্তব্য কৰে। আধ্যাত্মিক ক্ষেত্রৰ এই কেছেটখন উন্মোচন কৰি দিয়া ভাষণত ড০ সব্যসাচী মহন্তই ধর্মৰ নামত বৰ্তমান সময়ত সময়ত বিশেষ সংস্কাৰৰ প্রয়োজন বুলি মত প্ৰকাশ কৰে।
সংগীত জগতক আগুৱাই নিয়াৰ প্ৰয়াসেৰে কালুগাঁও উদীয়মান সাংস্কৃতিক কৰ্ম্মী উৎপল দত্ত আৰু তেওঁৰ ভাতৃ প্রণৱ পিতিকণৰ জন্মদিনৰ দিনাই নিজা বাসগৃহত এটি ষ্টুডিঅ’ৰ শুভমুক্তি ঘটোৱাৰ একে অনুষ্ঠানতে এই কেছেটটো উন্মোচন কৰে। শংখ-উৰুলি ধ্বনিৰ মাজত অসমৰ সংগীত শিল্পী মনোজ বড়াই নাৰিকল ভাঙি ষ্টুডিঅ’ ‘মা’ শুভ উদ্বোধন কৰে।