52
newsnextone.com | ওদালগুৰিঃ সমগ্ৰ দেশৰ লগতে ওদালগুৰিতো আজি প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অন্তৰ্গত ‘আয়ুষ্মান ভাৰত’ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয়। ওদালগুৰি দূৰ্গা পূজা মণ্ডপ চৌহদত অনুষ্ঠিত শুভাৰম্ভণি কাৰ্যসূচীটো মুকলি কৰে বিটিচিৰ কাৰ্যবাহী সদস্য লৌমশ্ৰাৱ দৈমাৰীয়ে।
ভাষণ প্ৰসংগত তেওঁ আঁচনিখনৰ পৰা হিতাধিকাৰীয়ে পাব পৰা সুবিধাসমূহৰ বিষয়ে আলোচনা কৰে। অনুষ্ঠানৰ মাজতে প্ৰজেক্টৰযোগে ঝাড়খণ্ডত অনুষ্ঠিত প্ৰধানমন্ত্ৰীৰ অনুষ্ঠান প্ৰদৰ্শন কৰা হয়।