newsnexone.com | ডিজিটেল ডেস্কঃ আম আদমী পাৰ্টীৰ প্ৰধান তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজিৰৱাল আৰু বিজেপিৰ অধ্যক্ষ অমিত শ্বাহৰ মাজত দেওবাৰে ঘটা মতানৈক্যৰ পিছত কেজিৰৱালে বিজেপি অধ্যক্ষ অমিত শ্বাহক প্ৰত্যাহ্বান জনাইছে৷ সোমবাৰে ছ’চিয়েল মিডিয়াত প্ৰত্যাহ্বান জনাই কেজিৰৱালে কয়, ‘আমাৰ দল আৰু বিজেপিয়ে কৰা কামৰ যদি তুলনা কৰিব বিচৰা হয়, তেন্তে অমিত শ্বাহে ৰাজহুৱাভাৱে মোৰ সৈতে মুখামুখি হওক৷’
উল্লেখ্য যে, দেওবাৰে পুৱা ৰামলীলা ময়দামত এক বিজেপি ৰেলী সম্বোধিত কৰি অমিত শ্বাহে অৰবিন্দ কেজিৰৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীক কটাক্ষ কৰি তেওঁলোকৰ চাৰে তিনি বছৰীয়া শাসন কালত কেৱল দিল্লীৰ বিকাশত বাধা প্ৰদান কৰি অহা বুলি অভিযোগ তুলিছিল৷ তেওঁ কয়, ‘কেজিৰৱালে কেৱল এটাই মন্ত্ৰ জানে৷ সেয়া হৈছে বাৰে বাৰে মিছা কোৱাৰ মন্ত্ৰ৷’