newsnextone.com | তামুলপুৰঃ বিটিএডিৰ চাৰিখন জিলা ক্ৰমে কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাৰ অন্তৰ্গত অপ্ৰাদেশীকৃত প্ৰাথমিক বিদ্যালয়ৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয় সমূহত আজিৰে পৰা তিনি দিনীয়াকৈ শ্ৰেণী বৰ্জন কাৰ্যসূচী ৰূপায়ন কৰা হৈছে। বিটিচি এলেকাৰ ভেন্সাৰ শিক্ষানুষ্ঠান আৰু পদ প্ৰাদেশিকীকৰণৰ দাবীত এই শ্ৰেণী বৰ্জন কাৰ্যসূচী ৰূপায়ন কৰা হয়।
সদৌ বিটিচি অপ্ৰাদেশীকৃত মহাবিদ্যালয় আৰু কণিষ্ঠ মহাবিদ্যালয় শিক্ষক কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক ড০ যোগেন বড়োৱে এই বিষয়ে জানিবলৈ দি কয় যে যোৱা ২১ ছেপ্টেম্বৰত ৰঙিয়া কৃষক শ্বহীদ ভৱনত সন্থাৰ এখন জৰুৰী সভা অনুষ্ঠিত হয়। সন্থাৰ সভাপতি ধন ৰাজন লালৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত বিটিচি এলেকাৰ মহাবিদ্যালয় আৰু কণিষ্ঠ মহাবিদ্যালয়ৰ প্ৰতিনিধি সকল উপস্থিত থাকে।