Home ৰাজ্যবোকাজানৰ বিধায়ক ড: নোমল ম’মিন আৰু জাকাছৰ মাজৰ শীতল যুদ্ধ অব্যাহত

বোকাজানৰ বিধায়ক ড: নোমল ম’মিন আৰু জাকাছৰ মাজৰ শীতল যুদ্ধ অব্যাহত

by News Desk
A+A-
Reset
IMG-20181002-WA0007

newsnextone.com।ডিফু: কাৰবি আংলং জিলাৰ বোকাজান বিধান সভা সমষ্টিৰ বিধায়ক ড: নোমল ম’মিন আৰু জইণ্ট একছন কমিটি ফৰ অট’নমাছ ষ্টেট চমুকৈ জাকাছৰ মাজত অতি শেহতীয়া ভাবে উদ্ভৱ হোৱা পৰষ্পৰৰ বিৰুধী মন্তব্যক লৈ চলা শীতল যুদ্ধখন অব্যাহত আছে ৷
যোৱা ২৯ ছেপ্তেম্বৰত ড: নোমল ম’মিনে ২০১৩ চনত ৰাজ্য দাবী আন্দোলনত জিলাখনত শিক্ষানুষ্ঠান আৰু সাহিত্য সভাৰ কাৰ্যালয় আদি জলোৱা কাৰ্যত জড়িত থকা সংগঠন সমুহৰ তেওঁৰ অধীকাৰৰ বিৰুদ্ধে মাতমতাৰ অধিকাৰ নাই বুলি জাকাছলৈ পৰোক্ষভাবে আঙুলিয়াই মন্তব্যৰ কথা একাংশ সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত জাকাছে ডিফু স্থিত জিলা প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰি বিধায়ক গৰাকীৰ মন্তব্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ জাকাছে কেতিয়াও তেওঁৰ সাংবিধানিক অধিকাৰৰ বিৰুদ্ধে প্ৰশ্ন কৰা নাই বা তেওঁ সমষ্টি উনয়ণত বাধাও প্ৰদান কৰা নাই ৷ তদানীন্তন কেন্দ্ৰীয় চৰকাৰ সদিচ্ছা আৰু পৃথক ৰাজ্য প্ৰদান কৰাৰ চৰকাৰৰ মিছা প্ৰতিশ্ৰুতি আৰু দীৰ্ঘ আন্দোলনৰ পিছতো কাৰবি আংলঙৰ বঞ্চিত কৰি তেলেঙ্গেনাক ৰাজ্যৰ মৰ্যদা প্ৰদান কৰাৰ লগে লগেই প্ৰতিবাদকাৰী সকলৰ মাজত ক্ষোভৰ জুই জলি শান্তিপূৰ্ণ প্ৰতিবাদ কৰিবলৈ গৈ ই হিংসালৈ পৰিৱৰ্তন হয়৷ তাৰ বাবে জাকাছ দায়ী নহয় ৷
হিংসাত্মক আন্দোলন হৈছিল ২০১৩ৰ ৩১ জুলাইত আৰু জাকাছৰ জন্ম হৈছিল ৩ আগষ্টত ড: ম’মিনে কাৰবি আংলঙত জিলাত উন্নয়ণৰ বাবে আঞ্চলিক পৰিষদ আৰু গ্ৰাম পৰিষদলৈ ক্ষমতা হস্তান্তৰ কৰা কাৰ্যৰ বিৰুধিতা জাকাছে কেতিয়াও কৰা নাই কিন্তু ভাৰতীয় সংবিধানত ষষ্ঠ অনুসুচীৰ বাবে থকা ২৪৪(ক) ৰূপায়ণ নকৰাকৈ মমিনৰ প্ৰস্তাৱ গ্ৰহণযোগ্য নহয় বুলি কৈছিল, কিন্তু বিধায়ক গৰাকীয়ে ৰাজ্যপাললৈ লিখা পত্ৰখনৰে ২০০৩ আৰু ২০০৫ চনত জিলাখনত সংঘটিত কাৰ্বি – কুকি , কাৰবি-ডিমাছা আৰু কাৰবি- ৰেংমা সংঘাতৰ কথাৰে বিধায়ক গৰাকীয়ে কাৰবি জানজাতিয়ে জিলাখনত বসবাস কৰা আন জনজাতি সকলক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি গণ্য কৰে বুলি বুলি কৈ ৰাজ্যপাল গৰাকীক বিপথে পৰিচালিত কৰা বুলি উল্লেখ কৰে জাকাছৰ অধ্যক্ষ খৰচিং টেৰণে ৷ যদি কাৰবি সকলৰ এনে মনোভাৱ থাকিলে হেতেন তেন্তে জিলাখনৰ পৰা ড: নোমল ম’মিন, কাইজাচং গুইটে, বিধায়কৰ পদৰ লগতে ৰিচল’ ৰেংমাৰ দৰে লোক পৰিষদলৈ নিৰ্বাচিত হৈ নাহিলহেতেন ৷ যোৱা ২৮ ছেপ্তেম্বৰত বিজেপিৰ ৰাজ্যক সভাপতি ৰঞ্জিত কুমাৰ দাসে সংবাদ মাধ্যমৰ আগত ড: মোমিনক সমৰ্থন কৰি বিধায়ক গৰাকীৰ কথা কোৱাৰ অধিকাৰ আছে বুলি কোৱা কথাই জিলা খনত জনজাতীয় সংঘাতক ইন্ধন যোগাব বুলি কয় টেৰণে৷ সেয়ে জাকাছৰ অধ্যক্ষ গৰাকীয়ে বিধান সভাৰ বিধায়ক আৰু মুখ্যমন্ত্ৰীক তেনে মন্তব্য দিয়াৰ পৰা ড: ম’মিনক নিয়ন্ৰণ কৰিবলৈ আহ্বান জনায় ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0