Home ৰাজ্যওদালগুৰিত এবছুৰ কেন্দ্ৰীয় গান্ধী জয়ন্তীৰ কাৰ্যসূচী

ওদালগুৰিত এবছুৰ কেন্দ্ৰীয় গান্ধী জয়ন্তীৰ কাৰ্যসূচী

by News Desk
A+A-
Reset
IMG-20181002-WA0005

newsnextone.com।ওদালগুৰি: দেশৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ আজি ১৪৯ সংখ্যক জন্মজয়ন্তী। সমগ্ৰ দেশজুৰি আজি জাতিৰ পিতা গান্ধীজীক স্মৰণ কৰা হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্ততো গান্ধী জয়ন্তী উপলক্ষে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। ব্যতিক্ৰম নহয় ওদালগুৰি চহৰ।
ওদালগুৰি চহৰখনৰ মাজমজিয়াত অৱস্থিত ওদালগুৰি ৰেল ষ্টেচনত এটা সময়ত পদাৰ্পণ কৰিছিল স্বাধীনতা আন্দোলনৰ গুৰি ধৰোঁতা জাতিৰ পিতা মহাত্মা গান্ধীয়ে। তেখেতে জীৱিত কালত চাৰিবাৰকৈ অসম ভ্ৰমণ কৰিছিল। তেখেতে তৃতীয়বাৰ অসম ভ্ৰমণলৈ অহাৰ সময়ত হৰিজন সেৱক সংঘৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ তেজপুৰলৈ ৰাওনা হৈছিল। অনুষ্ঠানটোৰ পৰা ৰেলেৰে ঘুৰি অহাৰ সময়ছোৱাত ১৯৩৪ চনৰ ১২ এপ্ৰিল তাৰিখে গান্ধীজীয়ে ওদালগুৰি ৰেল ষ্টেচনত উপস্থিত হৈ ৰেলৰ পৰা নামি কিছুসময় ষ্টেচনটো পৰিদৰ্শন কৰাৰ কথা ইতিহাসত সন্নিৱিষ্ট আছে। সেয়েহে মহান লোকগৰাকীৰ ওদালগুৰি ৰেল ষ্টেচনৰ সৈতে থকা সম্পৰ্কৰ বাবে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে গান্ধী জয়ন্তী উপলক্ষে আজি ওদালগুৰি ৰেল ষ্টেচন প্লেটফৰ্মত এক শ্ৰদ্ধাঞ্জলি কাৰ্যসচী ৰূপায়ণ কৰে।
কাৰ্যসূচী অনুসৰি পুৱা ৮:৩০ বজাত শিক্ষাৰ্থী, ৰাইজ আৰু অতিথিৰ আগমণ, পুৱা ৮:৪৫ বজাত পতাকা উত্তোলন কৰে এবছুৰ কেন্দ্ৰীয় সভাপতি প্ৰমোদ বড়োই, ৯ বজাত গান্ধীজীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কাৰ্যসূচী মুকলি কৰে সমাজকৰ্মী তথা জেষ্ঠ্য নাগৰিক ৰামেশ্বৰ বড়োৱে, ৯:৩০ বজাত শান্তিৰ প্ৰতীক পাৰ চৰাই উৰুৱাই শান্তিৰ বাৰ্তা বিলাই জিলা আৰক্ষী অধীক্ষক ৰাজবীৰ সিঙে, ৯:৪৫ বজাত শান্তি সমদল কাৰ্যসূচী মুকলি কৰে বন বিষয়া মাধুৰ্য্য শৰ্মাই। ১০ বজাত অনুষ্ঠিত হয় মুকলি আলোচনা। মুকলি আলোচনাৰ বিষয়বস্তু হৈছে ভাৰতবৰ্ষ স্বাধীনতাৰ বাবে গান্ধীজীৰ যুঁজ, আন্তৰাষ্ট্ৰীয় অহিংসা দিৱস আৰু বন্যপ্ৰাণী সপ্তাহ-২০১৮।
উক্ত আলোচনাত সভাপতিত্ব কৰে এবছুৰ উপ-সভাপতি দ্বিপেন বড়োই। সভাৰ আদৰণি ভাষণ প্ৰদান কৰে এবছু সভাপতি প্ৰমোদ বড়োই, মুখ্য অতিথিৰূপে উপস্থিত থাকে সাংসদ ৰমেন ডেকা, বহুকেইগৰাকী বিশিষ্ট লোক, বিশিষ্ট অতিথিৰ লগতে বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি।
সাংবাদিকৰ লগত হোৱা সাক্ষাৎকাৰত এবছু সভাপতি প্ৰমোদ বড়োৱে কয় যে হিংসাৰ মাজেৰে কোনো সমস্যাৰ সমাধান নহয়, গান্ধীজীয়ে অহিংসাৰ আন্দোলনৰ মাজেৰে শক্তিশালী বৃটিছক ভাৰতৰ পৰা খেদি খেদি দেশ স্বাধীন কৰিছিল। গতিকে সভাপতি প্ৰমোদ বড়োই কয় যে এই অহিংসা আন্দোলনৰ মাজেৰেই এসময়ত বড়োসকলৰ সমস্যাৰো সমাধান হব। লগতে তেওঁ কয় যে স্বাধীনতৰ পিছৰে পৰা সমগ্ৰ অসমৰ লগতে বিটিচি অঞ্চলত কেইবাবাৰো ভাতৃঘাতী সংঘৰ্ষৰ দৰে ঘটনা সংঘটিত হৈছে। যাৰ ফতল ঐক্য শান্তি আৰু ভাতৃত্ববোধৰ এনাজৰীডাল ধ্বংস হৈ গৈছিল। গতিকে আমি সকলোৱে গান্ধীৰ আদৰ্শৰে আগবাঢ়ি সমাজত শান্তি প্ৰতিষ্ঠাৰ হকে কাম কৰিব লাগিব। সেয়েহে নতুন প্ৰজন্মক এই বাটেৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0